ৰাষ্ট্ৰীয়

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গুলীবিদ্ধ এজন ভাৰতীয় ছাত্ৰ, হাস্পতালত ভৰ্তি…

যুদ্ধবিধ্বস্ত ইউক্ৰেইনত গুলীবিদ্ধ এজন ভাৰতীয় ছাত্ৰ।

কেন্দ্ৰীয় মন্ত্ৰী ভিকে সিঙে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে।

ছাত্ৰজন ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা স্থানান্তৰিত হ’বলৈ চেষ্টা কৰিছিল আৰু এনে সময়তে গুলীচালনাত আহত হয়।

কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে জানিব দিয়া অনুসৰি, গুলীবিদ্ধ ছাত্ৰজনক উদ্ধাৰ কৰি কিভৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

মন্ত্ৰীগৰাকীয়ে তয়- আমি খবৰ লাভ কৰিছো যে কিয়েভ এৰি যোৱা এজন শিক্ষাৰ্থী গুলীবিদ্ধ হৈছিল। তেওঁক কিয়েভলৈ ঘূৰাই নিয়া হৈছে আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

উল্লেখ্য যে,  ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক স্থানান্তৰ কৰাৰ তদাৰক কৰিবলৈ ইউক্ৰেইনৰ চুবুৰীয়া দেশসমূহলৈ বিশেষ দূত হিচাপে প্ৰেৰণ কৰা চাৰিজন মন্ত্ৰীৰ ভিতৰত এজন হৈছে জেনেৰেল সিং।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি কমেও ১৭০০ ছাত্ৰই এতিয়াও যুদ্ধবিধস্ত ইউক্ৰেইনৰ পৰা স্থানান্তৰিত হ’বলৈ অপেক্ষা কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *