যি বস্তুৰ দাম বাঢ়ে, তেনে বস্তুৰ ব্যৱহাৰ কমকৈ কৰিব লাগেঃ বিধায়ক অতুল বৰা…

ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্য।

পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্য বৃদ্ধিয়ে জৰুলা কৰিছে সাধাৰণ জনতাক।

মিঠাতেলৰ মূল্য প্ৰতিলিটাৰত ১০ৰ পৰা ৩০ টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

এইবাৰ মূল্যবৃদ্ধিত জুৰুলা ৰাইজলৈ বিধায়ক অতুল বৰাৰ আগবঢ়াইছে এক অদ্ভুত দিহা।

তেওঁ কয় যে, যিবোৰ বস্তুৰ দাম বাঢ়ে সেইবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে। মই বজাৰৰ শাক-পাচলি নাখাও, বাৰীৰ শাক-পাতলি খাও।

বৰাই কয় যে, আজিকালি চাউল, শাক-পাচলি আদি সকলো ভেজাল। গতিকে কমকৈ খাব লাগে।

মিঠাতেল মানুহে কমকৈ ব্যৱহাৰ কৰিব লাগে। বেছিকৈ ব্যৱহাৰ কৰে বাবে বেছি খৰছ হয়। আগতে যদি ১ লিটাৰ কিনিছিল এতিয়া আধা লিটাৰ কিনক- অতুল বৰা।

Leave a Comment