অসম

অঘটন! ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত গুলীবিদ্ধ উপ-আৰক্ষী অধীক্ষক…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

ড্ৰাগছৰ বিৰুদ্ধে পুনৰ চলিল গোৱালপাৰা আৰক্ষীৰ অভিযান।

গোৱালপাৰাৰ মাকৰিত চলিছিল আৰক্ষীৰ অভিযান৷

অভিযানকালত গুলীবিদ্ধ হৈছে উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা।

আৰক্ষীয়ে শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত চহৰৰ পৰা ড্ৰাগ পেডলাৰ এজনক আতক কৰি মাফিয়াৰ সন্ধানত অভিযান চলাইছিল।

অভিযানকালত ফাৰুক হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি খেদি আৰক্ষীয়ে আটক কৰাৰ লগতে ১২টা ড্রাগছ ভৰ্তি কনটেইনাৰ জব্দ কৰে।

দলটোৰ আন এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীলৈ গুলীচালনা কৰি পলায়ন কৰে৷ ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত হয় উপ আৰক্ষী অধীক্ষক অনুৰাগ শমা।

ঘটনাত DSP অনুৰাগ শৰ্মাৰ বাঁওভৰিত গুলী লাগে।

গুলীবিদ্ধ উপ আৰক্ষী অধীক্ষকক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *