মৰ্মান্তিক! ৰাজপথত সম্ভ্ৰান্তৰ বিলাসী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱতীৰ…

নিউজ ডেস্কঃ ৰাজপথত বিলাসী বাহন চলাই সম্ভ্ৰান্ত সকলে নিজৰ আভিজাত প্ৰদৰ্শন কৰাটো নতুন কথা নহয়।

কিন্তু সেই আভিজাত্য প্ৰদৰ্শনেৰে যেতিয়া বলি হ’বলগীয়া হয় নীৰিহ জনতা, তেতিয়া সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

দিল্লীৰ ৰাজপথতো ধনাঢ্যৰ বিলাসী বাহনৰ খুন্দাত এগৰাকী যুৱতীৰ মৃত্যু ঘটাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

পুৱা কৰ্তব্যস্থলীলৈ গৈ থকাৰ সময়তে দ্ৰুতবেগী বিলাসী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱায় দীপিকা ত্ৰিপাঠী নামৰ যুৱতীগৰাকীয়ে।

image 33
মৰ্মান্তিক! ৰাজপথত সম্ভ্ৰান্তৰ বিলাসী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱতীৰ… 4

জানিব পৰা মতে, নয়ডাৰ ছেক্টৰ ১৪৩ৰ সৰস্বতী এনক্লেভৰ নিৱাসী দীপিকাই অইন দিনৰ দৰে স্কুটী চলাই ছেক্টৰ-৯৬ৰ ছুপাৰটেক স্কোৱাৰ বিল্ডিঙৰ কৰ্তব্যস্থলীলৈ গৈ থকা সময়তে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন জাগুৱাৰ বিলাসী বাহনে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যুৱতীগৰাকীক স্থানীয় লোকে হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

image 34
মৰ্মান্তিক! ৰাজপথত সম্ভ্ৰান্তৰ বিলাসী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱতীৰ… 5

আৰক্ষীয়ে সদৰী কৰা মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত জাগুৱাৰ বাহনখনে আন এখন ৰেঞ্চ ৰ’ভাৰৰ সৈতে ৰেচিং কৰি আছিল।

ইফালে দীপিকাৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা জাগুৱাৰখন।

image 35
মৰ্মান্তিক! ৰাজপথত সম্ভ্ৰান্তৰ বিলাসী বাহনৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে যুৱতীৰ… 6

লগতে সেই সময়ত গাড়ী চলাই থকা হাৰিয়ানাৰ ফৰিদাবাদৰ বাসিন্দা চেমুৱেল এণ্ড্ৰু পিষ্টাৰকো আটক কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, আমেৰিকাৰ এখন বাতৰি কাকতত কৰ্মৰত হৈ আছিল চেমুৱেল।

আৰক্ষীয়ে চিচি টিভি ফুটেজৰ ভিত্তিত তদন্ত চলাই আছে।