মৰ্মান্তিক! হাস্পতাললৈ যোৱাৰ পথতে এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈ মৃত্যু মাতৃসহ প্ৰসূতি মহিলাৰ

নিউজ ডেস্কঃ হাস্পতাললৈ গৈ থকা সময়তে এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱালে এগৰাকী প্ৰসূতি মহিলা আৰু তেওঁৰ মাতৃয়ে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ শিৱগংগা জিলাত।

নিহত প্ৰসূতি মহিলাগৰাকীক নিবেধা কুমাৰসেন আৰু তেওঁ মাতৃ বিজয়লক্ষ্মী বুজি চিনাক্ত কৰা হৈছে।

image 180
মৰ্মান্তিক! হাস্পতাললৈ যোৱাৰ পথতে এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈ মৃত্যু মাতৃসহ প্ৰসূতি মহিলাৰ 3

জানিব পৰা মতে, শুকুৰবাৰে প্ৰসূতি মহিলাগৰাকীয়ে প্ৰসৱ বেদনা অনুভৱ কৰাত তেওঁক লৈ মাতৃ আৰু পৰিয়ালৰ আন ৩ সদস্যই এম্বুলেন্সেৰে হাস্পতাললৈ লৈ গৈছিল।

কিন্তু হাস্পতাললৈ যোৱাৰ বাটতে তেওঁলোকে যাত্ৰা কৰা এম্বুলেন্সখন দুৰ্ঘটনাত পতিত হোৱাৰ নিবেধা আৰু তেওঁৰ মাতৃৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

image 181
মৰ্মান্তিক! হাস্পতাললৈ যোৱাৰ পথতে এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈ মৃত্যু মাতৃসহ প্ৰসূতি মহিলাৰ 4

দুৰ্ঘটনাত আহত আন তিনি জনক বৰ্তমান শিৱগংগা চৰকাৰী চিকিৎসা মহাবিদ্যাল হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে নিহত প্ৰসূতি গৰাকীৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।