ৰাষ্ট্ৰীয়অসমীয়া

মৰ্মান্তিক! হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যু চিকিৎসক দম্পতীসহ ৬ জনৰ

নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।

মাজ নিশা হাস্পতালত অগ্নিকাণ্ডৰ ফলতে কৰুণ মৃত্যু চিকিৎসক দম্পতীসহ ৬ জন লােকৰ।

মৃত চিকিৎসক দম্পতীৰ নাম ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰা।

image 82

এই ঘটনাৰ স্থান ঝাৰখণ্ডৰ ধনবাদ।

জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ধনবাদৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ হাস্পতালত হাজৰা হাজৰা মেমােৰিয়েল হাস্পতালত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

image 83

মুহূৰ্ততে জুইৰ লেলিহান শিখাই সমগ্ৰ হাস্পতাল চৌহদৰ লগতে তাত থকা চিকিৎসাকৰ্মীৰ আৱাসতাে বিয়পি পৰে।

এই অগ্নিকাণ্ডৰ ফলতে নিজ কােঠালিতে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে চিকিৎসক দম্পতীৰ।

ঘটনাৰ খবৰ পােৱাৰ পিছতে ৫ খনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনত নাম পৰে।

হাস্পতালৰ দুটা মহলাৰ পৰা ৯ জনকৈ লােকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে ৬ জন লােকৰ প্ৰাণহানি হয়।

এই ঘটনাৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

ইপিনে, হাস্পতালখনত জুই নিৰ্বাপনৰ পৰ্যাপ্ত সুবিধা নথকা বুলি অনুমান কৰা হৈছে।

লগতে বৈদ্যুতিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি প্ৰাথমিক তদন্তৰ অনুমান কৰা হৈছে।