মৰ্মান্তিক! সমনীয়াৰ সৈতে নদীত গা ধুই থাকোতে সলিল সমাধি ঘটিল এজন যুৱকৰ…

এক শোকাৱহ ঘটনা।

সমনীয়াৰ সৈতে নদীত গা ধুই থাকোতে সলিল সমাধি ঘটিল এজন যুৱকৰ।

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত সংঘটিত হৈছে এই কৰুণ ঘটনা।

মৃত যুৱকজন নাহৰণি গাঁৱৰ মোহন গৌৰৰ পুত্ৰ বুদ্ধেশ্বৰ গৌৰ বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, শনিবাৰে দুপৰীয়াৰ ভাগত বৰবাম পঞ্চায়তৰ দিচাং নদীত সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল। কিন্তু ভালকৈ সাঁতুৰিব নজনা বাবে যুৱকজন নদীৰ গভীৰ পানীত সোমাই পৰে।

ঘটনাস্থলীত ডিব্ৰুগড়ৰ পৰা ৰাজ্যিক ব্যৱস্থাপনাৰ দল উপস্থিত হৈ নদীৰ বুকুৰ পৰা বহু প্ৰচেষ্টাৰ অন্তত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতেই যুৱকজনৰ পৰিয়ালত সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ।