মৰ্মান্তিক! ষষ্ঠ মহলাৰ বেলকনিত ৰৈ বন্ধুৰ সৈতে কথা পাতি থাকোতেই ভাৰাসাম্য হেৰুৱাই তলত পৰিল মেধাৱী ছাত্ৰ, মৃত্যু

নিউজ ডেস্কঃ বেলকনিত ৰৈ বন্ধুৰ সৈতে কথা পাতি থাকোতেই হঠাৎ ভৰি পিচলি ষষ্ঠ মহলাৰ পৰি মৃত্যু ঘটিল এগৰাকী মেধাৱী ছাত্ৰৰ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ কোটাত।

জানিব পৰা মতে, পশ্চিম বংগৰ জলপাইগুড়িৰ নিৱাসী ইশাংশু ভট্টাচাৰ্য (২০) নামৰ মেধাৱী ছাত্ৰজনে কোটাত হোষ্টেলত থাকি NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল।

কোটাৰ জৱাহৰ নগৰ অঞ্চলৰ ৰেচিডেন্সি নামৰ এটা হোষ্টেল বিল্ডিঙৰ ষষ্ঠ মহলাত আছিল ঈশাংশুৰ কোঠা।

বৃহস্পতিবাৰে নিশা ঈংশাশুৰ তিনিজন বন্ধু আহিছিল ছাত্ৰজনৰ কোঠালৈ।

কিছু সময় ৪ বন্ধুৱে কোঠাৰ ভিতৰত বহি কথা পতাৰ পিছত বন্ধু কেইজনে যাবলৈ ওলায়।

সেই সময় পিছত বন্ধু কেইজনে যাবলৈ ওলোৱাত ঈশাংশুৱেও লগতে ওলাই আহি বেলকনিত থিয় হৈ চেণ্ডেল পিন্ধিবলৈ লওতেই ভৰি পিচলি হঠাতে ভাৰাসাম্য হেৰুৱাই পেলায়।

যাৰ পৰিণতিত ষষ্ঠ মহলাৰ বেলকনিৰ পৰা বাগৰি চিধাই মাটিত পৰে ঈশাংশু।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক লগে লগে হাস্পতাললৈ লৈ যোৱা হয় যদিও তেতিয়ালৈকে মৃত্যুক সাৱটি লয় ঈংশাশু ভট্টাচাৰ্যই।

এই মৰ্মান্তিক ঘটনাই শোকস্তব্ধ কৰিছে ঈশাংশুৰ পৰিয়ালৰ লগতে তেওঁৰ বন্ধু মহলকো।

এই ঘটনাৰ এটা চিচিটিভি ফুটেজো পোহৰলৈ আহিছে।