মৰ্মান্তিক! শিলৰ অবৈধ খনন বন্ধ কৰিবলৈ গৈ মাফিয়াৰ ডাম্পাৰৰ খুন্দাত মৃত্যু উপ আৰক্ষী অধীক্ষকৰ

নিউজ ডেস্কঃ শিল চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ চেষ্টা কৰাৰ সময়তে মাফিয়াৰ ক্ষোভৰ বলি হ’ল এগৰাকী উপ আৰক্ষী অধীক্ষক। মঙলবাৰে পুৱা শিলৰ অবৈধ খনন বন্ধ কৰিবলৈ যোৱা এগৰাকী ডিএছপিক শিলভৰ্তি ডাম্পাৰে খুন্দা মৰাত ঘটনাস্থলীতে তেওঁৰ মৃত্যু ঘটে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বিজেপি শাসিত হাৰিয়ানাৰ নুহ অঞ্চলত। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ সন্ধান আৰম্ভ কৰিছে।

জানিব পৰা মতে, হাৰিয়ানাৰ নুহ জিলাৰ পাঞ্চগাঁও অঞ্চলত শিলৰ অবৈধ খনন চলি থকাৰ এক গোপন খবৰ লাভ কৰিছিল ডিএছপি সুৰিন্দৰ সিং বিষ্ণৈয়ে। খবৰ লাভ কৰাৰ পিছতে তেওঁ মঙলবাৰে পুৱা বৃহৎ সেনাবাহিনীৰ সৈতে অঞ্চলটোত অভিযান চলায়।

image 194
মৰ্মান্তিক! শিলৰ অবৈধ খনন বন্ধ কৰিবলৈ গৈ মাফিয়াৰ ডাম্পাৰৰ খুন্দাত মৃত্যু উপ আৰক্ষী অধীক্ষকৰ 3

ইফালে আৰক্ষীৰ বাহন দেখি অবৈধ খনন কাৰ্য চলাই থকা চোৰাং সৰবৰাহকাৰীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঠিক তেতিয়াই এখন শিলভৰ্তি ডাম্পাৰে আকস্মিকভাৱে মহতিয়াই থৈ যায় ডিএছপি সুৰিন্দৰ সিং বিষ্ণৈক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, আৰক্ষী অভিযানৰ সময়ত এজন মাফিয়াই শিলভৰ্তি ডাম্পাৰ লৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

image 195
মৰ্মান্তিক! শিলৰ অবৈধ খনন বন্ধ কৰিবলৈ গৈ মাফিয়াৰ ডাম্পাৰৰ খুন্দাত মৃত্যু উপ আৰক্ষী অধীক্ষকৰ 4

হাৰিয়ানা আৰক্ষীৰ ডিএছপি সুৰিন্দৰ সিং বিষ্ণৈয়ে সেই সময়ত পথৰ মাজত থিয় হৈ ডাম্পাৰখন ৰখাবলৈ চেষ্টা কৰে যদিও দ্ৰুতবেগী ডাম্পাৰখনে মহতিয়াই থৈ যায় তেওঁক। যাৰ ফলত ঘটনাস্থলীতে মৃত্যু ঘটে ডিএছপি গৰাকীৰ।

ঘটনা সন্দৰ্ভত টুইটাৰত শোক প্ৰকাশ কৰি হাৰিয়ানা আৰক্ষীয়ে ডিএছপিৰ বীৰত্বৰ প্ৰশংসা কৰে।

হাৰিয়ানা আৰক্ষীয়ে লিখিছে, “হাৰিয়ানাৰ ডিএছপি সুৰিন্দৰ সিং বিষ্ণৈয়ে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱায়। তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। কিন্তু দোষীক যাতে কঠোৰতম শাস্তি প্ৰদান কৰা হয় তাৰ বাবে কোনো প্ৰচেষ্টা বাদ দিয়া নহ’ব।”