মৰ্মান্তিক! শহুৰৰ ঘৰৰ পৰা বাইকেৰে ওভতাৰ পথতে অভাৰট্ৰেক কৰিবলৈ গৈ ট্ৰাকে মহটিয়াই নিলে এটা পৰিয়ালক, পতি-পত্নীৰ মৃত্যু

নিউজ ডেস্কঃ শহুৰৰ ঘৰৰ পৰা বাইকেৰে গৃহাভিমুখে আহি থকাৰ সময়তে তীব্ৰবেগী ট্ৰাকে মহটিয়াই লৈ গ’ল এটা পৰিয়ালক।

এই ভয়ংকৰ দুৰ্ঘটনাত পতি-পত্নীৰ মৃত্যু ঘটাৰ বিপৰীতে তেওঁলোকৰ দুই সন্তান গুৰুতৰভাৱে আহত হয়।

উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ লক্ষ্ণৌ-বাৰানসী ৰাষ্ট্ৰীয় ঘাইপথৰ মদনপুৰৰ সমীপত সংঘটিত হয় এই হৃদয় বিদাৰক দুৰ্ঘটনা।

জানিব পৰা মতে, সোমবাৰে জৌনপুৰ জিলাৰ খুথান কোতৱালি অঞ্চলৰ ৰামনগৰ কিলকিচাৰ নিৱাসী সন্তলাল নিছাদ (৩৫)য়ে পত্নী কিছমতী (৩২) আৰু দুই সন্তান বল্লু (৫) আৰু অংশিকা (২)ৰ সৈতে বাইকেৰে শ্বাহপুৰ হৰিবংশ গাঁৱত থকা শহুৰৰ ঘৰৰ পৰা স্বগৃহলৈ উভতিছিল।

পৰিয়ালটোৱে আহি থকা সময়তে মদনপুৰ বজাৰৰ সমীপত এখন ট্ৰাকে অভাৰট্ৰেক কৰিবলৈ গৈ পৰিয়ালটোক মহটিয়াই নিয়ে।
এই ভয়ংকৰ দুৰ্ঘটনাত পত্নী কিছমতীৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা এছডিএমগৰাকীয়ে নিজৰ চৰকাৰী বাহনেৰে আহত তিনিওজনক জিলা হাস্পতাললৈ লৈ যায় যদিও তাত চিকিৎসকে সন্তলাল নিছাদকো মৃত ঘোষণা কৰে।

বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে দম্পতীহালৰ শিশু দুটি।

আনফালে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি চালকজনক জিম্মাত লৈছে।