মৰ্মান্তিক! লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবে ঘটিল ভয়ংকৰ অঘটন, শিক্ষয়িত্ৰীৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবে প্ৰাণ গ’ল এগৰাকী শিক্ষয়িত্ৰীৰ।

এই ঘটনা সংঘটিত হ’ল দেশৰ আৰ্থিক ৰাজধানী মুম্বাইৰ মালাডত।

জানিব পৰা মতে, মালাডৰ চিঞ্চােলী বন্দৰ স্থিত চেইন্ট মেৰি ইংলিছ হাইস্কুলৰ ষষ্ঠ মহলাত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

image 136
মৰ্মান্তিক! লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবে ঘটিল ভয়ংকৰ অঘটন, শিক্ষয়িত্ৰীৰ মৃত্যু 3

ষষ্ঠ মহলাত স্থিত শ্ৰেণীকােঠাত পাঠদান সম্পন্ন কৰাৰ পিছত অট্টালিকাৰখনৰ দ্বিতীয় মহলাত থকা কৰ্মচাৰীৰ কোঠালৈ যোৱাৰ বাবে লিফ্টত উঠাৰ সময়তে হঠাতে লিফ্টৰ দুৱাৰ বন্ধ হৈ পৰে আৰু ওপৰৰ মহলাৰ ফালে আগবাঢ়ি যায়।

ইয়াৰ ফলত শিক্ষয়িত্ৰীগৰাকীৰ শৰীৰৰ আধা অংশ লিফ্টৰ ভিতৰত আৰু বাকী আধা বাহিৰতে থাকি যায়।

তাৰ পিছতে লিফ্টটাে মাজতে আবদ্ধ হৈ পৰে।

image 137
মৰ্মান্তিক! লিফ্টৰ কাৰিকৰী বিজুতিৰ বাবে ঘটিল ভয়ংকৰ অঘটন, শিক্ষয়িত্ৰীৰ মৃত্যু 4

এই দুৰ্ঘটনাত জেনেল ফাৰ্নাণ্ডেজ (২৬) নামৰ শিক্ষয়িত্ৰীগৰাকী গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

এই ঘটনাক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইতিমধ্যে লিফ্টৰ ব্যৱস্থা কৰা কােম্পানীৰ কৰ্তৃপক্ষক তলব কৰা হৈছে।