মৰ্মান্তিক! মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি হাস্পতালৰ ICUৰ বাহিৰত সম্পন্ন হ’ল কন্যাৰ বিবাহ, তাৰ পিছতে মাতৃয়ে কৰিলে শেষ নিশ্বাস ত্যাগ…

নিউজ ডেস্কঃ জীয়াই থাকোতেই কন্যাৰ বিয়াখন চাই যোৱাৰ হেঁপাহ আছিল মহিলাগৰাকীৰ!

হৃদৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা মহিলাগৰাকীয়ে যিকোনো মুহূৰ্ততে শেষ নিশ্বাস ত্যাগ কৰিব বুলি ইতিমধ্যেই পৰিয়ালক অৱগত কৰি থৈছিল চিকিৎসকে।

যাৰ বাবে হাস্পতালৰ আইচিইউৰ বাহিৰতে মহিলাগৰাকীৰ শেষ ইচ্ছা পূৰণ কৰি কন্যাৰ বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত লয় পৰিয়ালে।

image 155
মৰ্মান্তিক! মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি হাস্পতালৰ ICUৰ বাহিৰত সম্পন্ন হ’ল কন্যাৰ বিবাহ, তাৰ পিছতে মাতৃয়ে কৰিলে শেষ নিশ্বাস ত্যাগ… 5

আৰু এই অন্তিম ইচ্ছা পূৰণ হোৱালৈকে যেন অপেক্ষা কৰি আছিল তেওঁ। কন্যাৰ বিয়া সম্পন্ন হোৱাৰ দুঘণ্টা পিছতে শেষ নিশ্বাস ত্যাগ কৰিলে মহিলাগৰাকীয়ে।

চিনেমাৰ কাহিনীৰ দৰে লগা এনে এখন মৰ্মান্তিক বিবাহেই সম্পন্ন হৈ গ’ল বিহাৰৰ গয়াত।

মৃত্যুৰ দুৱাৰদলিত ৰৈ থকা মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি বিবাহ পাশত আৱদ্ধ হোৱা কন্যাৰ বিয়াৰ ফটো আৰু ভিডিঅ’ই এতিয়া ভাবুক কৰি তুলিছে নেট ব্যৱহাৰকাৰীকো।

image 156
মৰ্মান্তিক! মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি হাস্পতালৰ ICUৰ বাহিৰত সম্পন্ন হ’ল কন্যাৰ বিবাহ, তাৰ পিছতে মাতৃয়ে কৰিলে শেষ নিশ্বাস ত্যাগ… 6

জানিব পৰা মতে, গয়া জিলাৰ গুৰাৰু ব্লকৰ বালি গাঁৱৰ নিৱাসী লালন কুমাৰৰ পত্নী পুনম কুমাৰী বাৰ্মা দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল।

শেহতীয়াকৈ তেওঁক ভৰ্তি কৰা হৈছিল আৰ্য হাস্পতালৰ আইচিইউত।

ইতিমধ্যে পুনৰ কুমাৰীৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰাত চিকিৎসকে পৰিয়ালক জনাইছিল যে তেওঁৰ যিকোনো সময়তে মৃত্যু ঘটিব পাৰে।

ইফালে পুনম কুমাৰীয়ে সুস্থ হৈ থকা সময়তে পৰিয়ালৰ ওচৰত এটা চৰ্ত ৰাখিছিল, যাতে তেওঁ জীৱিত কালতে কন্যা চান্দনী কুমাৰীৰ বিবাহখন সম্পন্ন কৰা হয়।

image 157
মৰ্মান্তিক! মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি হাস্পতালৰ ICUৰ বাহিৰত সম্পন্ন হ’ল কন্যাৰ বিবাহ, তাৰ পিছতে মাতৃয়ে কৰিলে শেষ নিশ্বাস ত্যাগ… 7

সেই অনুসৰি চেলেমপুৰৰ নিৱাসী সুমিত গৌৰৱৰ সৈতে বিয়া ঠিক কৰা হৈছিল চান্দনীৰ। বিয়াৰ তাৰিখ আছিল ২৬ ডিচেম্বৰ।

কিন্তু চিকিৎসকে মাতৃৰ স্বাস্থ্য অধিক সংকটজনক বুলি জনোৱাত বিয়াৰ নিৰ্ধাৰিত তাৰিখৰ এদিন পূৰ্বেই বিয়াখন সম্পন্ন কৰাৰ সিদ্ধান্ত লয় চান্দনী আৰু পৰিয়ালে।

তাৰ পিছতে হাস্পতালৰ মাতৃ চিকিৎসাধীন হৈ থকা আইচিইউৰ দুৱাৰমুখত কিছু লোকৰ উপস্থিতিত সম্পন্ন কৰা হয় বিয়াখন।

image 158
মৰ্মান্তিক! মাতৃৰ শেষ ইচ্ছা পূৰণ কৰি হাস্পতালৰ ICUৰ বাহিৰত সম্পন্ন হ’ল কন্যাৰ বিবাহ, তাৰ পিছতে মাতৃয়ে কৰিলে শেষ নিশ্বাস ত্যাগ… 8

আনহাতে এই বিয়াখন সম্পন্ন হোৱাৰ ঠিক ২ ঘণ্টা পিছতে শেষ নিশ্বাস ত্যাগ কৰে পুনম কুমাৰীয়ে।

জানিব পৰা মতে, চান্দনীৰ মাতৃ পুনম মগধ মেডিকেল কলেজ হাস্পতালৰ এগৰাকী এএনএম নাৰ্ছ হিচাপে কৰ্মৰত আছিল। কোভিড কালৰে পৰা তেওঁ হৃদৰোগত আক্ৰান্ত হৈ আছিল।