মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল ভক্তৰ বাহন, ৮ জনৰ মৃত্যু

নিউজ ডেস্কঃ সবৰীমালা দৰ্শনৰ বাবে গৈ ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ৮জনকৈ ভক্তৰ।

শুকুৰবাৰে নিশা কেৰালাৰ ইডুক্কি জিলাৰ কুমিলীৰ সমীপত সংঘটিত হয় দুৰ্ঘটনা।

জানিব পৰা মতে, ঐতিহাসিক সবৰীমালা মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথতে ভক্তৰ এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি বাগৰি পৰে দ খাৱৈত।

নিশা প্ৰায় ১১ বজাত কুমিলী-কাম্ভৱ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

image 140
মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল ভক্তৰ বাহন, ৮ জনৰ মৃত্যু 3

ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত পতিত বাহনখনত আছিল মুঠ ১০ জন ভক্ত।

দুৰ্ঘটনাৰ ফলত ৭ জন ভক্তৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন এজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।

আহত আন দুজনৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে।

image 141
মৰ্মান্তিক! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত পৰিল ভক্তৰ বাহন, ৮ জনৰ মৃত্যু 4

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ভক্ত কেইজনে সবৰীমালা দৰ্শন কৰি তামিলনাডুৰ থেনি জিলাৰ এণ্ডিপাট্টিলৈ উভতি আহিছিল।

কিন্তু ঘন কুঁৱলীৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এডাল গছত খুন্দা মাৰে আৰু তাৰ পিছতে ৬০ ফুট গভীৰ খাৱৈত বাগৰি পৰে।

এই মৰ্মান্তিক দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।