অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! মন্দিৰলৈ যোৱাৰ পথতে পুখুৰীত বাগৰি পৰিল ট্ৰেক্টৰ, ৯ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ ট্ৰেক্টৰ ট্ৰলীৰে মন্দিৰ অভিমুখে গৈ থকাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৯ জনকৈ লোকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ সমীপত।

জানিব পৰা মতে, মুণ্ডন কাৰ্যসূচীৰ বাবে ৪৫ জন লোকে ট্ৰেক্টৰ-ট্ৰলীৰে মন্দিৰলৈ গৈ আছিল।

image 202

সেই সময়তে লক্ষ্ণৌৰ সমীপত ট্ৰেক্টৰখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা পুখুৰীত বাগৰি পৰে।

এই দুৰ্ঘটনাত ৯ জন লোকৰ মৃত্যু ঘটাৰ বিপৰীতে আন ১০ জন আহত হয়।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে আহত সকলৰ উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

লক্ষ্ণৌৰ জিলা দণ্ডাধীশ সূৰ্য পাল গংগৱাৰে জানিবলৈ দিয়া মতে, নিহত আৰু আহত সকলৰ চিনাক্তকৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে।

দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।