মৰ্মান্তিক! ভয়ংকৰ নাও দুৰ্ঘটনাত ২০ জনৰ সলিল সমাধি, ১৬ জন আহত

নিউজ ডেস্কঃ এক ভয়ংকৰ নাও দুৰ্ঘটনাত সলিল সমাধি ঘটিল ২০ জনকৈ লোকৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ যমুনা নদীত।

জানিব পৰা মতে, ৰাজ্যখনৰ বান্দাৰ যমুনা নৈত এখন যাত্ৰাবাহী নাও বুৰ যোৱাৰ ফলত নাওখনত থকা ২০ জনকৈ যাত্ৰীৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ১৬ জন যাত্ৰী।

image 88
মৰ্মান্তিক! ভয়ংকৰ নাও দুৰ্ঘটনাত ২০ জনৰ সলিল সমাধি, ১৬ জন আহত 3

নাওখনে মুঠ ৩৬ জন যাত্ৰী লৈ যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

দুৰ্ঘটনাৰ পিছত ১৫ জন যাত্ৰীয়ে সাঁতুৰি কোনোমতে প্ৰাণ ৰক্ষা কৰাৰ বিপৰীতে এজন যাত্ৰীক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে অভিযান চলাই বৃহস্পতিবাৰে ৪ জনৰ মৃতদেহ উদ্ধাৰ কৰে। ইয়াৰ পিছত শুকুৰবাৰে পুৱাৰে পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰি আৰু ৯ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী বাহিনীয়ে।

image 89
মৰ্মান্তিক! ভয়ংকৰ নাও দুৰ্ঘটনাত ২০ জনৰ সলিল সমাধি, ১৬ জন আহত 4

উদ্ধাৰকাৰী দলৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, এতিয়াও ৭ জন যাত্ৰীৰ কোনো সন্ধান লাভ কৰা হোৱা নাই। যমুনাৰ বুকুত লোক কেইজনৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।