নিউজ ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ ৰেনিগুণ্টানস্থিত এটা অট্টালিকাত দেওবাৰে পুৱা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় এগৰাকী চিকিৎসক আৰু দুই সন্তানে।
নিহত চিকিৎসকগৰাকীক ডা০ ৰবিশংকৰ ৰেড্ডী বুলি জানিব পৰা গৈছে। আনহাতে অগ্নিকাণ্ডৰ ফলত তেওঁৰ দুই সন্তান ক্ৰমে- সিদ্ধাৰ্থ ৰেড্ডী (১২) আৰু কাৰ্তিকা (৬)য়েও প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ দ্বিতীয় আৰু তৃতীয় মহলাত বাস কৰিছিল ডা০ ৰবিশংকৰ ৰেড্ডীৰ পৰিয়ালে। আনহাতে অট্টালিকাটোৰ প্ৰথম মহলাত তেওঁলোকে নতুনকৈ স্থাপন কৰিছিল কাৰ্তিকেয় নামেৰে এখন ক্লিনিক।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱা ৩-৪ বজাৰ ভিতৰত সংঘটিত হয় এই অগ্নিকাণ্ড। প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
অন্যহাতে এই ভয়ংকৰ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰে চিকিৎসক ৰবিশংকৰ পত্নী ডা০ অনন্তলক্ষ্মীৰ। বৰ্তমান তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে।









