মৰ্মান্তিক! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰী, সচিবসহ ১৬ জনকৈ লোকৰ…

নিউজ ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মহাৰণৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিভত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা।

এই দুৰ্ঘটনাত মৃত্যু ৰাষ্ট্ৰখনৰ এগৰাকী মন্ত্ৰী আৰু একাধিক জ্যেষ্ঠ বিষয়াসহ ১৬ জনকৈ লোকৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন ২২ জন যাত্ৰী।

image 37
মৰ্মান্তিক! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰী, সচিবসহ ১৬ জনকৈ লোকৰ… 3

বাতৰি অনুসৰি, কিভৰ বাহিৰৰ কিণ্ডাৰগাৰ্টেনৰ সমীপত সংঘটিত হয় এই হেলিকপ্টাৰ দুৰ্ঘটনা।

ইউক্ৰেইনৰ সংবাদ মাধ্যমৰ মতে, এই হেলিকপ্টাৰ দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায় ৰাষ্ট্ৰখনৰ স্বৰাজ মন্ত্ৰী ডেনিছ মনাষ্টিৰস্কিয়েও।

image 38
মৰ্মান্তিক! ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইউক্ৰেইনৰ স্বৰাজ মন্ত্ৰী, সচিবসহ ১৬ জনকৈ লোকৰ… 4

দুৰ্ঘটনাটোত স্বৰাজ মন্ত্ৰীগৰাকীৰ উপ-সচিব য়েভেনিয় য়েনিন আৰু মন্ত্ৰণালয়ৰ ৰাজ্যিক সচিবৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ২০২১ চনত ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ মন্ত্ৰীসভাত স্বৰাজ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ডেনিছ মনাষ্টিৰস্কিয়ে।

ইফালে দুৰ্ঘটনাটোত ১০টা শিশুসহ ২২ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।