অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! ভগ্নীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈ উভতি নাহিল অজিত, ভয়ংকৰ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ…

নিউজ ডেস্কঃ ভগ্নীৰ বিয়াৰ বাবে শাক-পাচলিৰ বজাৰ কৰিবলৈ গৈ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন যুৱকে।

এই শোকাবহ ঘটনা সংঘটিত হয় বিহাৰৰ জামুই জিলাত।

বজাৰৰ পৰা শাক-পাচলি ক্ৰয় কৰি উভতি অহাৰ পথতে স্ক’ৰপিঅ’ বাহনৰ সৈতে মুখামুখি সংঘৰ্ষত নিহত হয় যুৱকজন।

image 47

এই দুৰ্ঘটনাত আন এজন যুৱকো গুৰুতৰভাৱে আহত হয়।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চিচি টিভি কেমেৰাত বন্দী হোৱা দুৰ্ঘটনাৰ লোমহৰ্ষক দৃশ্য।

জানিব পৰা মতে, জামুইৰ লোহৰা গাঁৱৰ নিৱাসী অজিত কুমাৰ নামৰ ২৪ বৰ্ষীয় যুৱকজনে আন এজন বন্ধু ছতু ঠাকুৰৰ সৈতে ভগ্নীৰ বিয়াৰ বজাৰ কৰিবলৈ গৈছিল।

image 48

দুয়ো বন্ধুৱে বাইকেৰে বজাৰৰ পৰা উভতি অহাৰ পথতে চিকন্দ্ৰা মূল পথৰ মহিছৌদিৰ সমীপত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী স্কৰপিঅ’ৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

দুৰ্ঘটনাটোত অজিত কুমাৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে ছতু ঠাকুৰ গুৰুতৰভাৱে আহত হয়।

image 49

ইফালে দুৰ্ঘটনা সংঘটিত কৰা স্ক’ৰপিঅ’ বাহনখন স্থানীয় ৰাইজে বাধা দিয়াৰ চেষ্টা চলায় যদিও চালকে বাহনসহ পলায়ন কৰে।

ঘটনাস্থলীত পৰৱৰ্তী সময়ত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে নিহতজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

image 50

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা স্ক’ৰপিঅ’খনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।