মৰ্মান্তিক! বিয়াৰ পৰা উভতি অহাৰ পথতে নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰিল বিবাহ যাত্ৰীৰ বাহন, ৭ জনৰ মৃত্যু

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানৰ পৰা নিশা ওভতাৰ পথতে নিয়ন্ত্ৰণহীন হৈ এখন বলেৰ’ বাহন পথৰ পৰা পুখুৰীত বাগৰি পৰাত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু ঘটে ৭ জন বিবাহ যাত্ৰীৰ।

এই ভয়ংকৰ দুৰ্ঘটনাত আন তিনিজন লোকো গুৰুতৰভাৱে আহত হয়।

শুকুৰবাৰে পুৱতি নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ওড়িশাৰ সম্বলপুৰ জিলাৰ ছাছান কেনেল পথত।

দুৰ্ঘটনাত নিহত সকলক অজিত খামাৰী, দিব্য লুহা, সূৰজ ছেঠী, সুমন্ত ভৈ, সুব্ৰত ভৈ, শত্ৰুঘ্ন ভৈ আৰু উমাকান্ত ভূঞা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বিবাহ যাত্ৰীৰ দলটোৱে বৃহস্পতিবাৰে ঝাৰছুগুড়া জিলাৰ বদাধৰাৰ পৰা সম্বলপুৰৰ পৰমনপুৰলৈ গৈছিল।

তাত বিবাহ সম্পন্ন কৰি উভতি অহাৰ সময়তে ছাছান কেনেল পথত তেওঁলোকৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ পুখুৰীত বাগৰি পৰে।

এই দুৰ্ঘটনাৰ পিছত কোনোমতে ভিতৰৰ তিনিজন যাত্ৰীয়ে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও বাকী কেইজনৰ গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা বাহন চালকজনৰ মৃতদেহ শুকুৰবাৰে বিয়লি উদ্ধাৰকাৰী দলে পুখুৰীৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।