মৰ্মান্তিক! বিয়াৰ আনন্দত নাচি থাকোতেই হাৰ্ট এটেকত মৃত্যু মহিলাৰ…

নিউজ ডেস্কঃ মৃত্যু এক চিৰন্তন সত্য। কিন্তু মৃত্যু কাৰ বাবে কেনেকৈ আহে কোনে জানে!

কিছুমান মৃত্যুৱে বুকুত লগাতকৈ বেছিকৈয়ে দুখ দি যায়। তেনে এক মৃত্যুৰেই বলি হ’ল এগৰাকী ৬০ বৰ্ষীয় মহিলা।

বিবাহ অনুষ্ঠানত আনন্দত আত্মহাৰা হৈ নাচি থাকোতেই হঠাৎ ঢলি পৰি মৃত্যুক সাৱটি ল’লে মহিলাগৰাকীয়ে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ছিউনী জিলাৰ বাখাৰী গাঁৱত।

জানিব পৰা মতে, বুধবাৰে এক বিবাহ অনুষ্ঠানৰ মঞ্চত আন মহিলাৰ সৈতে নৃত্যত অংশ লৈছিল ৬০ বছৰীয়া মহিলাগৰাকীয়েও।

কিন্তু নাচি থাকোতেই হঠাৎ তেওঁ অসুস্থ হৈ পৰে।

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

চিকিৎসকে জানিবলৈ দিয়া মতে, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে মহিলাগৰাকীৰ।

উল্লেখ্য যে, শেহতীয়াকৈ সমগ্ৰ দেশতে বৃদ্ধি পাইছে আকস্মিক মৃত্যুৰ সংখ্যা।

কিছুদিন পূৰ্বে মীৰাটতো বিবাহ অনুষ্ঠানত নাচি থাকোতেই ঢলি পৰি মৃত্যু ঘটিছিল এজন যুৱকৰ।