মৰ্মান্তিক! বাইকেৰে ঘৰলৈ ওভতাৰ পথতে বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা, খুৰাক-ভতিজীৰ অকাল মৃত্যু

নিউজ ডেস্কঃ আত্মীয়ৰ ঘৰত আয়োজিত এক অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাৱলগীয়া এহাল খুৰা-ভতিজীয়ে।

বুধবাৰে নিশা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কেৰালাৰ কন্নুৰৰ কান্নাদিপৰম্বাত।

দুৰ্ঘটনাত নিহত খুৰাক আৰু ভতিজীগৰাকীক কুনুনকাইৰ কালামাঠি হাউচ নিৱাসী চিৰমূটিল আজিৰ (২৬) আৰু ৰাফিয়া (৫) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মৃত কণমানিটি আজিৰৰ জ্যেষ্ঠ ভাতৃ নিয়াছৰ একমাত্ৰ কন্যা আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, খুৰাক-ভতিজীহালে বুধবাৰে কান্নাদিপৰম্বাৰ আত্মীয়ৰ ঘৰৰ এক অনুষ্ঠানলৈ গৈছিল।

নিশা দুয়ো বাইকেৰে ঘৰলৈ ঘূৰি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ খবৰ লাভ কৰি ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুয়োকে হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে আজিৰ আৰু ৰাফিয়াৰ।