মৰ্মান্তিক! প্ৰিয় নাৰীৰ সেওঁতাত সেন্দূৰ দিয়াৰ ৩ দিন পিছতে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ বজাৰ কৰিবলৈ গৈ অকাল মৃত্যু ৰোশনৰ, শোকত ব্যাকুল পিংকী…

নিউজ ডেস্কঃ কলেজীয়া দিনতেই প্ৰেমত পৰিছিল ৰোশন আৰু পিংকী। অৱশেষত সেই প্ৰেমত লাগিছিল বিবাহৰ মোহৰ। পৰিয়ালৰ সন্মতিত ২৭ নৱেম্বৰত সম্পন্ন হৈ গৈছিল ২৮ বৰ্ষীয় ৰোশন আৰু পিংকীৰ বিয়াখন। বুধবাৰে অৰ্থাৎ ৩০ নৱেম্বৰত আছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

কিন্তু বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ পূৰ্বেই সদ্য বিবাহিতা পিংকীৰ কপাল উকা কৰি মৃত্যুক সাৱটি ল’লে ৰোশনে। অভ্যৰ্থনা অনুষ্ঠানৰ বাবে বজাৰ কৰিবলৈ গৈ আৰু উভতি নাহিল ৰোশন নামৰ যুৱকজন।

এই মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে বিহাৰৰ চাৰণ জিলাত।

জানিব পৰা মতে, চাৰণ জিলাৰ বগাহী গাঁৱৰ নিৱাসী ৰোশনে মঙলবাৰে অভ্যৰ্থনা অনুষ্ঠানৰ বজাৰ কৰিবলৈ যাওতেই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বজাৰ কৰি নিশা ঘৰলৈ উভতি অহাৰ পথত তৰাইয়া ব্লকৰ পোখৰেৰা গাঁৱত আন এখন বাইকত ৰোশনৰ বাইকে খুন্দা মৰাত কৰুণ মৃত্যুক সাৱটি লয় মাত্ৰ তিনিদিন পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা ৰোশন।

ইফালে এই দুৰ্ঘটনাত আন এখন বাইকত অহা আন এজন যুৱকৰো ঘটনাস্থলীতে মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন ৩ জন।

দুৰ্ঘটনাত আহত হৈছে বিয়াৰ অভ্যৰ্থনাৰ বজাৰ কৰিবলৈ পুত্ৰৰ সৈতে যোৱা ৰোশনৰ মাতৃও।

বিয়াৰ্ উলহ মালহ শাম কটাৰ পূৰ্বেও এনেদৰে স্বামীক হেৰুৱাই শোকত ব্যাকুল হৈ পৰিছে সদ্য বিবাহিতা পিংকী। শোকত ভাগি পৰিছে ৰোশনৰ পৰিয়ালৰ লগতে অঞ্চলবাসীও।

জানিব পৰা মতে, ছত্তীশগড়ত ইঞ্জিনিয়াৰিং শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে পিংকীৰ সৈতে পৰিচয় ঘটিছিল ৰোশনৰ। দুয়োৰে মাজৰ বন্ধুত্ব লাহে লাহে ৰূপান্তৰ হৈছিল ভালপোৱালৈ।

শেষত এই ভালপোৱাক বিবাহৰ ৰূপ দি ২৭ নৱেম্বৰত সমাজক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিছিল ৰোশন আৰু পিংকীয়ে।

কিন্তু বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ পূৰ্বেই দুৰ্ঘটনাই আধৰুৱা কৰি পেলায় ৰোশন আৰু পিংকীৰ যুগ্ম জীৱনৰ সপোন।