মৰ্মান্তিক! পেটৰ তাড়নাত কাম বিচাৰি গৈছিল বহিঃৰাজ্যলৈ, কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়ি নিলে ৩ অসমীয়া যুৱকৰ প্ৰাণ…

নিউজ ডেস্কঃ পেটৰ তাড়নাত বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ ৩ যুৱকে।

বাংগালুৰুত সংঘটিত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় অসমীয়া যুৱক কেইজনে।

জানিব পৰা মতে, বাংগালুৰুৰ মাচন্দ্ৰাত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা।

photo1670916988
মৰ্মান্তিক! পেটৰ তাড়নাত কাম বিচাৰি গৈছিল বহিঃৰাজ্যলৈ, কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়ি নিলে ৩ অসমীয়া যুৱকৰ প্ৰাণ… 2

সোমবাৰে নিশা যুৱক কেইজনে কৰ্মস্থলীৰ পৰা ৰুমলৈ উভতি অহাৰ সময়তে ডাম্পাৰে তেওঁলোকক মহটিয়াই নিয়ে।

নিহত যুৱক কেইজনৰ পৰিচয় লখিমপুৰ জিলাৰ বাঁহগড়াৰ অসীম দেউৰী, নগাঁও জিলাৰ চাপৰমুখ কচুৱাৰ চন্দন দাস আৰু কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী বুলি জানিব পৰা গৈছে।

বহিঃৰাজ্যত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত যুৱক কেইজনৰ মৃত্যুত শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়াল।