মৰ্মান্তিক! পুৱা স্কুললৈ যোৱাৰ সময়তে দুৰ্ঘটনাত পতিত স্কুল ভেন, নিহত ৪ ছাত্ৰ, আহত ১১ জন

নিউজ ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল ৪ গৰাকীকৈ স্কুলীয়া ছাত্ৰই। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনত। সোমবাৰে পুৱা এখন স্কুল ভেন আৰু এখন ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত হয় ৪ গৰাকী কণমানি ছাত্ৰ। দুৰ্ঘটনাত আন ১১ জন ছাত্ৰ আৰু ভেন আৰু ট্ৰাকৰ চালক দুজনো গুৰুতৰভাৱে আহত হয়।

আহত সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰে। আনহাতে ঘটনাস্থৱীত জিলা উপায়ুক্ত আশীষ সিং উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

উজ্জয়িনৰ আৰক্ষী অধীক্ষক সত্যেন্দ্ৰ শুক্লাই জানিবলৈ দিয়া মতে, নাগদাৰ ফাতিমা কনভেণ্ট এখন স্কুল ভেন পুৱা ছাত্ৰ-ছাত্ৰীক লগত লৈ বিদ্যালয় অভিমুখে গৈ থকা সময়তে উনহেল চহৰৰ জিৰনিয়া ফাটাত এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে। যাৰ ফলত স্কুল ভেনখনত ছাত্ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল গুৰুতৰভাৱে আহত হয়।

আহত সকলক লগে লগে উদ্ধাৰ কৰি উজ্জয়িন, নাগধা আৰু ইন্দোৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৪ জন ছাত্ৰৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে। নিহত ছাত্ৰ কেইজনৰ বয়স ১০-১৫ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।

ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয়, উজ্জয়িনৰ সমীপৱৰ্তী নাগদাত এখন স্কুল ভেন দুৰ্ঘটনাত পতিত হোৱাৰ অতি হৃদয় বিদাৰক খবৰ আহিছে। আহত সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ।’’