মৰ্মান্তিক! পুনৰ গো মাফিয়াৰ বাহনৰ খুন্দাত মৃত্যু মহিলা আৰক্ষী বিষয়াৰ

নিউজ ডেস্কঃ হাৰিয়ানাত নুহ জিলাত অবৈধ শিল খনন বন্ধ কৰিবলৈ যোৱা এগৰাকী উপ আৰক্ষী অধীক্ষকক মঙলবাৰে মাফিয়াই ডাম্পাৰেৰে খুন্দিয়াই হত্যা কৰাৰ পিছত এইবাৰ অনুৰূপ এক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত। ঝাৰখণ্ডৰ ৰাঁচীৰ টুপুডানা অঞ্চলত গো সৰবৰাহকাৰী এখন পিকআপ ভানে খুন্দিয়াই হত্যা কৰে এগৰাকী মহিলা আৰক্ষী বিষয়াক।

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ঝাৰখণ্ডত। এই ঘটনাটো মঙলবাৰে বিয়লি প্ৰায় ৩ বজাত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

photo1658296572
মৰ্মান্তিক! পুনৰ গো মাফিয়াৰ বাহনৰ খুন্দাত মৃত্যু মহিলা আৰক্ষী বিষয়াৰ 4

আৰক্ষীয়ে সদৰী কৰা মতে, মঙলবাৰে বিয়লি ২ বজাত উপ পৰিদৰ্শক সন্ধ্যা তপ্নই এখন পিকআপ ভানেৰে অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ বিষয়ে খবৰ লাভ কৰে। তাৰ পিছতে তেওঁ গো-সৰবৰাহকাৰী বাহনখনৰ সন্ধানত আৰম্ভ কৰে অভিযান।

আৰক্ষী বিষয়াগৰাকীয়ে ৰাজপথত বাহনৰ তালাচী চলাই থকাৰ সময়তে গো ভৰ্তি পিকআপ ভান খনে দ্ৰুতবেগত আহি মহিলা আৰক্ষী বিষয়াগৰাকীক খুন্দিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

photo1658296573
মৰ্মান্তিক! পুনৰ গো মাফিয়াৰ বাহনৰ খুন্দাত মৃত্যু মহিলা আৰক্ষী বিষয়াৰ 5

জানিব পৰা মতে, তালাচী অভিযানৰ সময়ত সন্ধ্যা তপ্নৰ সৈতে আছিল আন দুজন কনিষ্টবল। বাহনখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত কনিষ্টবল দুগৰাকীয়ে বাহনখন জব্দ কৰিবলৈ চেষ্টা চলায় যদিও দ্ৰুতবেগী বাহনখন ৰখোৱাত ব্যৰ্থ হয়।

অৱশ্যে ঘটনাস্থলীৰ কিছু দূৰত পিক আপ ভানখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাত আৰক্ষীয়ে চালকসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।

photo1658296623
মৰ্মান্তিক! পুনৰ গো মাফিয়াৰ বাহনৰ খুন্দাত মৃত্যু মহিলা আৰক্ষী বিষয়াৰ 6

ইফালে ২০১৮ বৰ্ষৰ বেচৰ এছ আই সন্ধ্যা তপ্নৰ নশ্বৰ দেহ মঙলবাৰে সন্ধিয়াই ৰাজধানীৰ ৰিমছলৈ অনা হয়। তাত সম্পন্ন কৰা হয় মৃতদেহৰ মৰোণত্তৰ পৰীক্ষা।

উল্লেখ্য যে, ঘৰৰ কনিষ্ঠ কন্যা সন্ধ্যাৰ পিতৃৰ বিয়োগ ঘটিছিল কিছুবছৰ পূৰ্বে। ঝাৰখণ্ডৰ সিং মোৰ অঞ্চলৰ নিৱাসী সন্ধ্যাৰ মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালটো। জানিব পৰা মতে, বৃহস্পতিবাৰে স্বগৃহত সম্পন্ন কৰা হ’ব আৰক্ষী বিষয়াগৰাকীৰ শেষকৃত্য।