অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! পথ পাৰ হোৱাৰ সময়তে তীব্ৰবেগী বাহনে মহটিয়াই নিলে মাতৃ-কন্যাক, হাস্পতালত মৃত্যু কন্যাৰ…

নিউজ ডেস্কঃ মেলা চাই উভতি অহাৰ সময়ত ৰাস্তা পাৰ হোৱাৰ সময়তে তীব্ৰবেগী বাহনে মহটিয়াই লৈ গ’ল এহাল মাতৃ-কন্যাৰ।

এই দুৰ্ঘটনাত পিছত আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ১২ বছৰীয়া কন্যাই।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

image 95

জানিব পৰা মতে, কানপুৰৰ মহাৰাজপুৰ থানা এলেকাৰ খুজাউপুৰ গাঁৱৰ নিৱাসী আলোক কুশ্বৱাহাৰ পত্নী ছোনী কুশ্বৱাহাই ১৯ ফেব্ৰুৱাৰীত ১২ বছৰীয়া কন্যা বৈষ্ণৱীৰ সৈতে চৰছাউল মেলা চাবলৈ গৈছিল।

তেওঁলোকে সন্ধিয়া মেলা চাই উভতি অহাৰ সময়ত ৰুমা এক্সিগে কলেজৰ সমীপত পথ পাৰ হ’বলৈ লওতেই ফতেহপুৰৰ দিশৰ পৰা অহা এখন বাহনে দুয়োকে মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মাতৃ-কন্যাক অন্য পথচাৰীয়ে স্থানীয় হাস্পতাললৈ লৈ যায় যদিও কন্যা বৈষ্ণৱীৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কানপুৰলৈ প্ৰেৰণ কৰে।

শুকুৰবাৰে সন্ধিয়া হাস্পতালতে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় বৈষ্ণৱীয়ে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰা বাহন আৰু চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।