মৰ্মান্তিক! নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি কৰুণ মৃত্যু ৭ শ্ৰমিকৰ, আহত এজন

নিউজ ডেস্কঃ নিৰ্মীয়মান কেইবামহলীয়া অট্টালিকাৰ নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে হঠাৎ লিফ্ট খহি মৃত্যুমুখত পৰিবলগীয়া হ’ল ৭ জনকৈ শ্ৰমিক। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গুজৰাটৰ অহমেদাবাদ চহৰত।

এই ভয়ংকৰ দুৰ্ঘটনাত এজন শ্ৰমিক আহত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈ আহত শ্ৰমিকজনক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে। ইতিমধ্যে ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে নিহত শ্ৰমিক কেইজনৰ মৃতদেহো।

জানিব পৰা মতে, আহমেদাবাদস্থিত গুজৰাট বিশ্ববিদ্যালয়ৰ সমীপতে নিৰ্মাণকাৰ্য চলি আছিল এটা বহু মহলীয়া অট্টালিকাৰ। নিৰ্মীয়মান অট্টালিকাটোৰ নৱম মহলাৰ কাম চলি আছিল। শ্ৰমিক সকলে লিফ্টৰ জৰিয়তে সামগ্ৰীবোৰ নৱম মহলালৈ অনা-নিয়া কৰিছিল।

photo1663146252
মৰ্মান্তিক! নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি কৰুণ মৃত্যু ৭ শ্ৰমিকৰ, আহত এজন 2

বুধবাৰে পুৱা প্ৰায় ৯.৩০ বজাত অট্টালিকাটোত কৰ্মৰত শ্ৰমিকে লিফ্টেৰে সামগ্ৰীসমূহ নৱম মহলালৈ কঢ়িয়াই নিয়াৰ সময়তে হঠাৎ সপ্তম মহলাত লিফ্টটো ভাঙি মাটিত বাগৰি পৰে। যাৰ ফলত সেই সময়ত লিফ্টৰ ভিতৰত থকা ৮ জন শ্ৰমিকো লিফ্টৰ সৈতে সপ্তম মহলাৰ পৰা তলত বাগৰি পৰে।

এই দুৰ্ঘটনাত ৭ জন শ্ৰমিকে থিতাতে প্ৰাণ হেৰুৱাই। পিছত উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ পৰা এজন শ্ৰমিকক জীৱন্তে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

কাৰ ভুলৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল, সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। মৰ্মান্তিক দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।