মৰ্মান্তিক! নিৰ্মীয়মাণ উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল বিয়া খাই উভতি অহা কন্যাসহ দম্পতী, পতি-পত্নীৰ মৃত্যু, সংকটজনক কন্যাৰ অৱস্থাও…

নিউজ ডেস্কঃ নিৰ্মীয়মাণ ফ্লাই অভাৰৰ ওপৰৰ পৰা বাগৰি প্ৰাণ হেৰুৱালে বাইক আৰোহী এহাল পতি-পত্নীয়ে। ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কন্যা।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ দুৰ্গ জিলাৰ কুমহাৰীত নিৰ্মাণকাৰ্য চলি থকা উৰণীয়া সেতুত।

অৰ্ধনিৰ্মিত উৰণীয়া সেতুখনত যান-বাহন চলাচলত বাধা দিবলৈ কোনো ধৰণৰ বেৰিকেড স্থাপন নকৰাৰ বাবেই আৰু কোম্পানীৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

image 61
মৰ্মান্তিক! নিৰ্মীয়মাণ উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল বিয়া খাই উভতি অহা কন্যাসহ দম্পতী, পতি-পত্নীৰ মৃত্যু, সংকটজনক কন্যাৰ অৱস্থাও… 4

ইফালে বাইক আৰোহী দম্পতীহাল দুৰ্ঘটনাত পতিত হোৱাৰ মাত্ৰ কেই ঘণ্টামানৰ পাছতে আন এখন চাৰিচকীয়া বাহনো একে স্থানতে দুৰ্ঘটনাত পতিত হয়।

অৱশ্যে সেইবাৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰে চাৰিচকীয়া বাহনখনৰ চালকৰ প্ৰাণ।

image 62
মৰ্মান্তিক! নিৰ্মীয়মাণ উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল বিয়া খাই উভতি অহা কন্যাসহ দম্পতী, পতি-পত্নীৰ মৃত্যু, সংকটজনক কন্যাৰ অৱস্থাও… 5

জানিব পৰা মতে, ৰায়পুৰৰ চাংগোৰা ভাটাৰ নিৱাসী আজুৰাম দেৱাংগনে (৪৫), পত্নী নিৰ্মলা দেৱাংগন (৪০) আৰু কন্যাৰ সৈতে শুকুৰবাৰে নিশা ভিলাইৰ পৰা বিবাহ অনুষ্ঠানত অংশগ্ৰহণ ঘৰলৈ উভতি আহিছিল।

কিন্তু অৰ্ধনিৰ্মিত ফ্লাই অভাৰখনত কোনো বেৰিকেড লগোৱা নথকাত ঘন কুঁৱলীৰ বাবে পথ ভুল কৰি তেওঁলোকে ফ্লাইঅভাৰ খনেৰে বাইক চলাই আহি থকাত ফ্লাই অভাৰখনৰ মাজৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা অংশত বাইকসহ বাগৰি পৰে।

image 63
মৰ্মান্তিক! নিৰ্মীয়মাণ উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল বিয়া খাই উভতি অহা কন্যাসহ দম্পতী, পতি-পত্নীৰ মৃত্যু, সংকটজনক কন্যাৰ অৱস্থাও… 6

এই দুৰ্ঘটনাত আজুৰাম আৰু তেওঁৰ পত্নীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় তেওঁলোকৰ কন্যা। পিছত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱায়।

কুমহাৰী আৰক্ষীৰ মতে, দলংখন এতিয়াও আধৰুৱা হৈ আছে। ইয়াৰ পিছতো তাত বেৰিকেড স্থাপন কৰা হোৱা নাই আৰু ডাইভাৰচন কৰা হোৱা নাই। ইয়াৰ বাবেই যাত্ৰীয়ে ভুলবশতঃ অসম্পূৰ্ণ দলংখনেৰে যাত্ৰা কৰে।

আনহাতে শীতকালত কুঁৱলীৰ বাবে অসম্পূৰ্ণ দলংখন দেখা নোপোৱাৰ বাবেও দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰে আৰক্ষীয়ে।

দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।