মৰ্মান্তিক! নিশা শুই থকা সময়তে জ্বলি ছাই হ’ল ঘৰ, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু শিশুসহ একেটা পৰিয়ালৰ ৫ সদস্যৰ…

নিউজ ডেস্কঃ নিশা শুই থকা সময়তে ঘৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে তেলেংগানাৰ মানছেৰিয়েল জিলাত।

জানিব পৰা মতে, শুকুৰবাৰে মাজনিশা মানছেৰিয়েল জিলাৰ মাণ্ডামাৰী মণ্ডলৰ গুডীপল্লী ভেংকটাপুৰত সংঘটিত হয় অগ্নিকাণ্ড।

নিশা শুই থকা সময়তে সংঘটিত এই অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায় দুটি শিশুসহ পৰিয়ালৰ ৫ জন সদস্যই।

ইফালে পুৱাৰ ভাগত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰি উদ্ধাৰ কৰে ৫ জনৰ মৃতদেহ।

নিহত সকলক শিৱয়্যা, পত্নী পদ্মা, সন্তান প্ৰীতি (৪) আৰু হিমাবিন্দু (২) আৰু সম্পৰ্কীয় কান্তয় বুলি চিনাক্ত কৰা হৈছে।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।