মৰ্মান্তিক! তীব্ৰবেগী বাছৰ সৈতে ভয়ংকৰ সংঘৰ্ষ চাৰিচকীয়া বাহনৰ, দুবছৰীয়া কন্যাসহ মৃত্যু পিতৃ-মাতৃৰ

নিউজ ডেস্কঃ পৰিয়ালৰ সৈতে ফুৰিবলৈ ওলাই যোৱাৰ সময়তে দ্ৰুতবেগী বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৩ সদস্যই।

শনিবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ভেনুৰৰ সমীপৰ নেল্লিকাৰুত।

জানিব পৰা মতে, শ্ৰীকান্ত নামৰ ব্যক্তিজনে পত্নী আৰু তেওঁলোকৰ দুই বছৰীয়া কন্যা সন্তানক লগত লৈ ধৰ্মস্থলৰ পৰা কাৰ্কলা অভিমুখে গৈ থকা সময়তে বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী বাছৰ সৈতে তীব্ৰ সংঘৰ্ষ হয়।

এই ভয়ংকৰ দুৰ্ঘটনাত শ্ৰীকান্ত (৪১), পত্নী প্ৰতীক্ষা (৩৫) আৰু তেওঁলোকৰ দুবছৰীয়া কন্যা সন্তানটিৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত কেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ চালকজনকো আটক কৰিছে।

পুৱাই ফুৰিবলৈ ওলাই গৈ এনেদৰে কন্যাসহ পিতৃ-মাতৃয়ে মৃত্যুক সাৱটি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে অঞ্চলটোত।