মৰ্মান্তিক! ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, থিতাতে নিহত হয় দুই আৰক্ষীসহ ৩ জন

নিউজ ডেস্কঃ দেওবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ চিত্তুৰ চহৰৰ উপকণ্ঠত এখন আৰক্ষীৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় তিনিজন লোক।

দুৰ্ঘটনাটোত নিহত হয় বাংগালুৰু আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক, এগৰাকী হেড কনিষ্টবল বাহনখনৰ চালক। আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাত আন ৫ জন লোকো গুৰুতৰভাৱে আহত হয়।

two police killed
মৰ্মান্তিক! ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, থিতাতে নিহত হয় দুই আৰক্ষীসহ ৩ জন 3

জানিব পৰা মতে, বাংগালুৰুৰ শিৱাজীনগৰ আৰক্ষী থানাৰ এটা দলে দুখন বাহনেৰে ড্ৰাগছ সম্পৰ্কীয় এক গোচৰৰ অনুসন্ধান চলাবলৈ চিত্তুৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

image 249
মৰ্মান্তিক! ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, থিতাতে নিহত হয় দুই আৰক্ষীসহ ৩ জন 4

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত স্থানীয় লোকে আহত সকলক উদ্ধাৰ কৰি ভেলোৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত আটাই কেইজন বিপদমুক্ত বুলি জানিবলৈ দিছে চিকিৎসকে।

ঘটনাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি কৰ্ণাটকৰ গৃহমন্ত্ৰী অৰাগা জ্ঞানেন্দ্ৰই বিভাগটোৰ পৰা প্ৰয়োজনীয় সহায়ৰ আশ্বাস দিছে।