মৰ্মান্তিক! ডাম্পাৰ-অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষ, ৪ জন থিতাতে নিহত

নিউজ ডেস্কঃ শনিবাৰে নিশা কাটিগড়াত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত চাৰিজন যাত্ৰী নিহত হয়। এখন ডাম্পাৰ আৰু যাত্ৰীবাহী অটো ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, কাটিগড়াৰ টিকপাৰা গাঁৱৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। যাৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহত যাত্ৰীসকলক ততাতৈয়াকৈ শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখন দুৰ্ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।

photo1661080038 1
মৰ্মান্তিক! ডাম্পাৰ-অটো ৰিক্সাৰ মুখামুখি সংঘৰ্ষ, ৪ জন থিতাতে নিহত 2

দুৰ্ঘটনাত নিহত সকলক ৰাজেন দাস, য়াছিন আলী, বিলাল আহমেদ আৰু চেলিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত অটো ৰিক্সাখনত মুঠ ৯ জন যাত্ৰী আছিল। ঘটনা সংঘটিত হোৱা বহু সময় পিছতহে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তেতিয়ালৈকে আহতসকলক স্থানীয় লোকে বিভিন্ন বাহনত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে, ক্ষুব্ধ স্থানীয় লোকে দুৰ্ঘটনাস্থলীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অৱশ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত পথ অৱৰোধ প্ৰত্যাহাৰ কৰা হয়।