মৰ্মান্তিক! ট্ৰাক-কাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ সদস্যসহ ৫ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ ট্ৰাক-কাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪ সদস্যসহ ৫ জনকৈ লোকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ হিছাৰ জিলাৰ হান্সিত।

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ৮ বজাত হান্সিৰ জিন্দ-ভিৱানী পথৰ বাস গাঁৱৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।

এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনক খুন্দা মৰাৰ পিছতে আন তিনিখন বাইকতো প্ৰচণ্ড জোৰে খুন্দা মাৰে।

image 133
মৰ্মান্তিক! ট্ৰাক-কাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ সদস্যসহ ৫ জনৰ কৰুণ মৃত্যু 3

এই দুৰ্ঘটনাত চাৰিচকীয়া বাহনখনত থকা এটা পৰিয়ালৰ ৪ জনকৈ সদস্যৰ কৰুণ মৃত্যু ঘটাৰ লগতে আন এজন সদস্য গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনাত এজন বাইক আৰোহীয়েও প্ৰাণ হেৰুৱায়।

বাতৰি অনুসৰি, ভিৱানী নগৰৰ জৈন চ’কৰ বাসিন্দা ডাঃ গোবিন্দ (৫৪) নামৰ চিকিৎসকগৰাকীয়ে পত্নী ডলী (৫০), পুত্ৰ চাহিল (২৬), জ্যেষ্ঠ ভগ্নী ৰজনী (৫০) আৰু ভতিজা আৰাধ্যা (১১)ৰ সৈতে চাৰিচকীয়া বাহনখনেৰে কালায়ত গাঁৱৰ পৰা আহি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত ডলী, চাহিল, আৰাধ্যা আৰু ৰজনীৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় চিকিৎসক গোৱিন্দ। পিছত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।

image 134
মৰ্মান্তিক! ট্ৰাক-কাৰ আৰু বাইকৰ ভয়ংকৰ সংঘৰ্ষ, একেটা পৰিয়ালৰ ৪ সদস্যসহ ৫ জনৰ কৰুণ মৃত্যু 4

ইফালে এই দুৰ্ঘটনাত জিন্দৰ নিৱাসী মনজিত নামৰ আম এগৰাকী বাইক আৰোহীৰ মৃত্যু ঘটাৰ লগতে বাইকেৰে আহি থকা এহাল দম্পতীও গুৰুতৰভাৱে আহত হয়।

আহত দম্পতীহালকো ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে সদৰী কৰা মতে, ট্ৰাকখনৰ অধিক গতিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। অন্যহাতে ট্ৰাকৰ খুন্দাত বহু দূৰলৈ উফৰি পৰে চাৰিচকীয়া বাহনখন।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও ট্ৰাক চালকজন বৰ্তমান পলাতক হৈ থকা বুলি জানিব পৰা গৈছে।