মৰ্মান্তিক! ঘৰত ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই গাৰ ওপৰত বিদ্যুতৰ খুঁটা পৰি মৃত্যু কণমানিৰ…

নিউজ ডেস্কঃ ফ’কলেণ্ডৰে পুখুৰী খন্দা চাই থাকোতেই গাৰ ওপৰত বিদ্যুতৰ খুঁটা বাগৰি পৰি মৃত্যু এটি কণমানিৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ ইছলামপুৰত।

অপৰিপক্ক বুলড’জাৰ চালকৰ ভুলৰ বাবে শিশুটিৰ মৃত্যু ঘটা বুলি অভিযোগ পৰিয়ালৰ।

জানিব পৰা মতে, ইছলামপুৰৰ শ্বাহিদুল ইছলামে ঘৰত পুখুৰী খান্দীবলৈ এখন ফ’কলেণ্ড আছিল।

পুখুৰী খন্দাৰ সময়ত পিতৃৰ কাষতে থিয় হৈ চাই আছিল কণমানি চাহিলেও।

কিন্তু সেই সময়তে আকস্মিকভাৱে বিদ্যুতৰ খুঁটা এটা ভাগি চাহিলৰ গাৰ ওপৰত পৰাত প্ৰাণ হেৰুৱায় কণমানিটিয়ে।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ফ’কলেণ্ডখনৰ চালকজনে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।