মৰ্মান্তিক! গা ধোৱা কাপোৰ মেলি দিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যু মাতৃ-কন্যাৰ…

নিউজ ডেস্কঃ গা ধুই কাপোৰ মেলা তাঁৰত কাপোৰ মেলিবলৈ যাওতেই বি-্যুৎস্পৃষ্ট হৈছিল মাতৃ। তাকে দেখি মাতৃক বচাবলৈ যায় কণমানি কন্যাইও। কিন্তু ৰক্ষা নপৰিল দুয়োজন। মাতৃক বচাবলৈ গৈ একেলগে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে বিশ্বনাথ জিলাৰ পূব ভিৰৰ গোৱালতলী অঞ্চলত। জানিব পৰা মতে, শুকুৰবাৰে ফইজুল আহমেদৰ পত্নী লালভানু খাতুনে (৩৪) গা ধুই উঠি ঘৰৰ চোতালত থকা কাপোৰ মেলা তাঁৰত গা ধোৱা কাপোৰ মেলিবলৈ যাওতে বিদ্যুৎস্পৃষ্ট হয়।

photo1661585084
মৰ্মান্তিক! গা ধোৱা কাপোৰ মেলি দিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যু মাতৃ-কন্যাৰ… 3

মাতৃক তাঁৰত লাগি থকা দেখি লালভানুৰ ১০ বছৰীয়া কন্যা ফৰিদা খাতুনে মাতৃক বচাবলৈ চেষ্টা কৰোতে নিজেও বিদ্যুৎস্পৃষ্ট হয়।

ইফালে এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ উপস্থিত হৈ লালভানু খাতুনৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি মাতৃ-কন্যা দুয়োজনকে উদ্ধাৰ কৰি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে।

photo1661585084 1
মৰ্মান্তিক! গা ধোৱা কাপোৰ মেলি দিবলৈ যাওতেই বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যু মাতৃ-কন্যাৰ… 4

লালভানুৰ ঘৰৰ মিটাৰৰ বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিঙি কাপোৰ মেলা তাঁৰত লাগি থকাৰ ফলতেই এই শোকাবহ ঘটনা সংঘটিট হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ সংযোগৰ তাঁৰ অতি নিম্নমানৰ হোৱাৰ বাবেই এই শোকাবহ ঘটনা সংঘটিত হয়।

মাতৃ-কন্যাৰ এনেদৰে একেলগে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।