মৰ্মান্তিক! কাজিৰঙাত পথচাৰীক মহটিয়াই নিলে কয়লা ভৰ্তি ট্ৰাকে, হতাহত ৫ জন

নিউজ ডেস্ক। এক শােকাৱহ দুৰ্ঘটনা।

কাজিৰঙাত ঘাইপথৰ কাষত পদব্ৰজে গৈ থকা ৫ জন লােকক মহটিয়াই নিলে এখন কয়লাবাহী ট্ৰাকে।

পুৱা ৫-৩০ মান বজাত কাজিৰঙাৰ হাতীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাত চিকন্দৰ কৰ্মকাৰ, জগন্নাথ কৰ্মকাৰ আৰু আগনেশ কৰ্মকাৰ নামৰ তিনিজন লােকৰ থিতাতে মৃত্যু ঘটে।

photo 2023 01 14 11 20 26
মৰ্মান্তিক! কাজিৰঙাত পথচাৰীক মহটিয়াই নিলে কয়লা ভৰ্তি ট্ৰাকে, হতাহত ৫ জন 2

জানিব পৰা মতে, নিহত ৩ জন লােকে একে পৰিয়ালৰ।

আনহাতে, গুৰুতৰভাৱে আহত মেগনাথ কৰ্মকাৰ আৰু বজৰংগী কৰ্মকাৰক সংকটজনক অৱস্থাত কহঁৰা বেজা বৈষ্ণৱ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চকা ফুটি যোৱাৰ ফলত মানুহকেইজনক মহতিয়াই হাতীখুলিৰ দলঙৰ তলত সোমাই পৰে।

আনহাতে, লগে লগে পলায়ন কৰে ট্ৰাকৰ চালক-হেণ্ডিমেনে।

ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।