অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! কন্যাৰ সৈতে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা সময়তে গাড়ীৰ ওপৰত বাগৰি পৰিল কংক্ৰিট মিক্সাৰ ট্ৰাক, মাতৃ-কন্যাৰ মৃত্যু

নিউজ ডেস্কঃ কন্যাৰ বিদ্যালয়ৰ লৈ ঘৰ অভিমুখে গৈ থকাৰ সময়তে গাড়ীৰ ওপৰত এখন চিমেণ্ট ভৰ্তি কংক্ৰিট মিক্সাৰ ট্ৰাক বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ বাংগালুৰৰ বেনাৰঘাট্টা মেইন ৰোডত।

জানিব পৰা মতে, এটা আইটি কোম্পানীত কৰ্মৰত গায়ত্ৰী কুমাৰ (৪৭) নামৰ মহিলাগৰাকীয়ে বুধবাৰে বিয়লি শ্বেৰউড হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী তেওঁৰ কন্যা সামান্থা কুমাৰ (১৫)ক বিদ্যালয়ৰ পৰা নিবলৈ আহিছিল।

image 18

কন্যাক লৈ মাতৃ-কন্যাই গাড়ীৰে ঘৰ অভিমুখে গৈ থকা সময়তে এখন চিমেণ্টভৰ্তি কংক্ৰিট মিক্সাৰ ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনৰ ওপৰত বাগৰি পৰে।

যাৰ ফলত গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যুক আঁকোৱালি লয় গায়ত্ৰী কুমাৰ আৰু কন্যা সামান্থা কুমাৰে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ জেচিবিৰ সহায়ত ট্ৰাকখন আঁতৰাই মাতৃ-কন্যাৰ মৃতদেহ দুটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

image 19

স্থানীয় নিবাসী আৰু আৰক্ষীৰ মতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অধিক বেগত আছিল ট্ৰাকখন। যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।