মৰ্মান্তিক! কন্যাৰ বিয়াৰ তাৰিখ ঠিক কৰিবলৈ মিতিৰৰ ঘৰলৈ গৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল একে পৰিয়ালৰ ৪ সদস্যৰ…

নিউজ ডেস্কঃ কন্যাৰ বিয়াৰ তাৰিখ ঠিক কৰিবলৈ গৈ থকা সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল একেটা পৰিয়ালৰ ৪ জনকৈ সদস্যই।

শুকুৰবাৰে পুৱা এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ লাটুৰত।

জানিব পৰা মতে, চাচুৰৰ নিৱাসী ভগৱান মাৰুতি চাওলেয়ে পৰিয়ালৰ সদস্যৰ সৈতে কন্যাৰ বিয়াৰ দিন ঠিক কৰিবলৈ ঔৰদৰ হ’বলগীয়া মিতিৰৰ ঘৰলৈ গৈ আছিল।

তেওঁলোকে গৈ থকাৰ সময়তে নীলাংগা-ঔৰদ ঘাইপথত চালকজনে বাহনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ ফলত বাহনখন পথৰ পৰা উফৰি কাষৰ পথাৰত লুটি খাই পৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত ভগৱান মাৰুতি চাওলেৰ লগতে তেওঁৰ পত্নী লতা ভগৱান চাওলে, মাতৃ বিজয়ামলা ভৌৰাও চাওলে আৰু ভতিজা ৰাজকুমাৰ সুধাকৰ চাওলেৰ থিতাতে মৃত্যু ঘটে।

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পৰিয়ালটোৰ আন দুজন সদস্যও।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।