মৰ্মান্তিক! আন বাহনত খুন্দা মাৰি পথৰ দাঁতিত বাগৰি পৰিল যাত্ৰীভৰ্তি বাছ, ৬ জনৰ থিতাতে মৃত্যু, আহত ২১ জন

নিউজ ডেস্কঃ বুধবাৰে পুৱাই সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ৬ জনকৈ লোকৰ।

পুৱা এখন যাত্ৰীবাহী বাছ আৰু এখন ডিচিএমৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ৬ জন যাত্ৰীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ২১ জন যাত্ৰী।

উত্তৰ প্ৰদেশৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ নাগলা খংগাৰ থানা এলেকাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

জানিব পৰা মতে, পুৱা পঞ্জাৱৰ লুধিয়ানাৰ পৰা ৰায়বৰেলীলৈ যাত্ৰা কৰা ৫০ জন যাত্ৰীভৰ্তি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা ডিচিএম খনত খুন্দা মাৰে।

এই ভয়ংকৰ সংঘৰ্ষৰ পিছত ৰেলিং ভাগি পথৰ দাঁতিত বাগৰি পৰে যাত্ৰীভৰ্তি বাছখন।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও তেতিয়ালৈকে প্ৰাণ হেৰুৱায় ৬ জন যাত্ৰীয়ে।

আনহাতে আন ২১ জন আহতক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।