মৰ্মান্তিক! আধা বাটতে নিজৰ বাহন বিকল হোৱাত ভাড়া গাড়ীৰে উভতিছিল ঘৰলৈ, কিন্তু ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মাতৃ-পুত্ৰসহ ৪ জনৰ…

নিউজ ডেস্কঃ মাজনিশা ৰ’ড কঢ়িওৱা ট্ৰাকৰ সৈতে এখন চাৰিচকীয়া বাহনৰ ভয়ংকৰ সংঘৰ্ষত মৃত্যুক সাৱটিলে একেটা পৰিয়ালৰ তিনি সদস্যসহ ৪ জনকৈ লোকে।

মঙলবাৰে নিশা এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ছত্তীশগড়ৰ বালোড জিলাৰ গুণ্ডাৰদেহী আৰক্ষী থানাৰ অন্তৰ্গত খাপ্পাৰৱাড়া গাঁৱৰ সমীপত।

জানিব পৰা মতে, বালোডৰ নিৱাসী এটা পৰিয়ালে নিশা ৰায়পুৰৰ পৰা ঘৰলৈ ওভতাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকে লোহাৰ ৰ’ড কঢ়িওৱা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়।

ভয়ংকৰ দুৰ্ঘটনাত নিহত সকলক ছিমৰণ ছালুজা (৪৮), পুত্ৰ ৰাজবীৰ ছালুজা (১৯) আত্মীয় অশোক আৰু চালক উমেশ চাহু (২৪) বুলি চিনাক্ত কৰা হৈছে।

ইফালে জানিব পৰা মতে, ছালুজা পৰিয়ালে ৰায়পুৰৰ পৰা ওভতাৰ সময়ত আধা বাটতে তেওঁলোকৰ বাহনখন বিকল হৈ পৰিছিল।

যাৰ পিছত তেওঁলোকে উমেশ নামৰ চালকজনৰ গাড়ীখন ভাড়া কৰি গৃহাভিমুখে ৰাওনা হোৱাৰ সময়তে সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি দুৰ্ঘটনা সন্দৰ্ভত পৰিয়ালক অৱগত কৰে।