নিউজ ডেস্কঃ আত্মীয়ৰ শেষ কৃত্য সম্পন্ন কৰি ওভতাৰ পথতেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ’ল একেটা পৰিয়ালৰ ৪ সদস্য। দুৰ্ঘটনাত আহত হৈছে আন ৮ জন লোক।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চিতোৰগড় জিলাত।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পৰিয়ালটোৰ সদস্য কেইজনে শুকুৰবাৰে নিশা মৰভান গাঁৱৰ সমীপত এজন আত্মীয়ৰ শেষকৃত্যত অংশ লৈ এছইউভি বাহনেৰে উদয়পুৰৰ পৰা ইন্দোৰ অভিমুখে আহি থকাৰ সময়তে চিতোৰগড়ত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ট্ৰাকে তেওঁলোকৰ বাহনত খুন্দা মাৰে।
এই দুৰ্ঘটনাত ৪ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৮ জন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় লোক উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি উদয়পুৰৰ হাস্পতাললৈ প্ৰেৰণ কৰে।
নিহত সকলক ইন্দোৰৰ নিৱাসী ছোহেইল, চাকিলা, ৰাজা আৰু জাহিদ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।