মৰ্মান্তিক! অভাৰটেকৰ সময়তে ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ চাৰিচকীয়া বাহনৰ, ৩ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ অভাৰটেকৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰি প্ৰাণ হেৰুৱালে ৩ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই।

দেওবাৰে পুৱা এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কৰ্ণাটকৰ শিৱমোগ্গাত।

জানিব পৰা মতে, ছাত্ৰ কেইজনে শিৱমোগ্গাৰ পৰা দাভাংগেৰেলৈ চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰাৰ সময়তে আন এখন বাহনক অভাৰটেক কৰিবলৈ গৈ কাল্লাপুৰাৰ সমীপত এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে।

এই দুৰ্ঘটনাত ৩ জন ছাত্ৰৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন এজন।

নিহত কেইজনৰ পৰিচয় কাৰ্তিক, বিবেক আৰু মোহন বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত ৰুদ্ৰেশক পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰোৱায়।

নিহত আৰু আহত আটাইকেইজন ছাত্ৰৰ বয়স ২০-২৪ বছৰৰ ভিতৰত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।