‘আমাৰ দাঁত গজা নাই, খাবলৈ অসুবিধা হৈছে’-মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসমৰ দুই শিশুৰ…

ছ’চিয়েল মিডিয়াত অসমৰ দুই শিশুৰ এখন বিশেষ চিঠি সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

চিঠিখন প্ৰধানমন্ত্ৰী মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখা হৈছে।

চিঠিখনত প্ৰধানমন্ত্ৰী মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী শৰ্মাক এটি বিশেষ সমস্যা সমাধান কৰি দিবলৈ অনুৰোধ জনাইছে।

শিশুদুটিয়ে চিঠিখনত তেওঁলোকৰ দাঁতৰ সমস্যাৰ বিষয়ে উল্লেখ কৰিছে।

দৰাচলতে, ৬ বছৰীয়া ৰেইছা ৰাওজা আহমেদ আৰু ৫ বছৰীয়া আৰিয়ান আহমেদে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড০ শৰ্মালৈ দুখন পৃথক পত্ৰ প্ৰেৰণ কৰিছে।

ৰাওজা আৰু আৰিয়ানে পত্ৰখনত তেওঁলোকৰ দাঁতৰ বিষয়ে অভিযোগ কৰিছে।

ফেচবুকযোগে এই দুই শিশুৰ চিঠি দুখন তেওঁলোকৰ খুৰাক মুখতাৰ আহমেদে শ্বেয়াৰ কৰিছে।

পত্ৰখনত দুই শিশুৱে প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড০ শৰ্মাক সম্বোধন কৰি লিখিছে- ‘অনুগ্ৰহ কৰি প্ৰয়োজনীয় ব্যৱস্থা লওক’। পত্ৰখনত এইটোও উল্লেখ কৰা হৈছে যে তেওঁলোকে দাঁত নথকাৰ বাবে তেওঁলোকৰ প্ৰিয় খাদ্যসমূহ সঠিকভাৱে চোবাব নোৱাৰে।’

এখন পত্ৰত লিখিছে, ‘মৰমৰ মোদীজী। মোৰ ৩টা দাঁত গজা নাই, তাৰবাবে মোৰ আহাৰ চোবাওতে সমস্যা হৈছে।’

ইফালে এই ঘটনাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে গুৱাহাটীতে শিশুদ্বয়ৰ বাবে দন্ত চিকিৎসকৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইটাৰত এই বাতৰিটো শ্বেয়াৰ কৰি লিখিছে যে তোমালোকৰ বাবে গুৱাহাটীত এজন ভাল দন্ত চিকিৎসকৰ ব্যৱস্থা কৰিম, যাতে আমি একেলগে তোমালোকৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰোঁ।

Leave a Comment