নিউজ ডেস্ক। গঁড়ৰ খৰ্গৰ পিছতে এইবাৰ নিষিদ্ধ ড্ৰাগছ দাহ অসম আৰক্ষীৰ।
মৰিগাঁও জিলাত দাহ কৰা হ’ল বৃহত্ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী।
জানিব পৰা মতে, মৰিগাঁৱৰ মাণিপুৰ খেলপথাৰত জ্বলাই দিয়া হ’ল ৪.৪০ কোটি টকা মূল্যৰ ড্ৰাগছ।
Today @MorigaonPolice with the Drug Disposal Committee disposed the seized drugs and psychotropic substances of 105 cases after observing necessary legal formalities Ganja – 198.478 kgs,Heroin – 561.89 gm,Cough Syrup bottles 6289,Brown Sugar – 212.01 gm, Tablets=83,151 pic.twitter.com/XMOrK2bwUh
— GP Singh (@gpsinghips) September 29, 2021
এই ড্ৰাগছখিনি চলিত বছৰৰ বিভিন্ন সময়ত জিলাখনৰ ভিন্ন প্ৰান্তত জব্দ কৰা হৈছিল। এই সন্দৰ্ভত টুইট কৰি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে কয় যে বিভাগীয় নীতি অনুসৰি গাঞ্জা (১৯৮.৪৭৮ কিলাে), কফ চিৰাপ (৬,২৮৯ বটল), ব্ৰাউন চুগাৰ (২১২.੦১ গ্ৰাম) আৰু নিষিদ্ধ টেবলেট (৮৩,১৫১) ধ্বংস কৰা হয়।

মৰিগাঁও জিলা কাৰাগাৰ বাকৰিত নিষিদ্ধ সামগ্ৰী দাহন কাৰ্যসূচীত ডিআইজি ব্ৰজেনজিৎ সিংহৰ লগতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা উপস্থিত থাকে ৷









