মৰ্মান্তিক! কাম শেষ কৰি নিশা ঘৰলৈ ওভতাৰ পৰত হাইৱে’ পাৰ হ’বলৈ লওতেই তীব্ৰবেগী বাহনৰ খুন্দা, ৫ শ্ৰমিক মহিলাৰ মৃত্যু, আহত ১২ গৰাকী…

নিউজ ডেস্কঃ নিশা হাইৱে পাৰ হ’বলৈ লওতেই তীব্ৰবেগী বাহনে মহটিয়াই নিয়াত অকাল মৃত্যুক সাৱটি ল’লে কমেও ৫ গৰাকী মহিলাই।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেৰ ৰাজগুৰুনগৰৰ সমীপৱৰ্তী পুনে-নাছিক ঘাইপথত।

শ্ৰমিক মহিলা কেইগৰাকীয়ে নিশা কাম শেষ কৰি ঘৰলৈ উভতিছিল।

সেই সময়ত তেওঁলোকে নিশা প্ৰায় ১০.৪৫ বজাত চিৰোলীৰ সমীপত ঘাইপথ পাৰ হ’বলৈ লওতেই এখন তীব্ৰবেগী এছইউভি বাহনে তেওঁলোকক মহটিয়াই লৈ যায়।

যাৰ ফলত ৫ গৰাকী মহিলাৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১২ গৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় চালকজনে।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক এম্বুলেন্সৰে বিভিন্ন হাস্পতাললৈ প্ৰেৰণ কৰে।

আহত কেইবাগৰাকীৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।