মোহভংগ! আলফাৰ শিৱিৰৰ পৰা পলায়ন ৪ অসমীয়া যুৱকৰ…

নিউজ ডেস্কঃ বহুতেই আবেগত বাচি লয় সশস্ত্ৰ সংগ্ৰামৰ পথ। এখন নতুন পৃথিৱীৰ সন্ধানত অৰণ্য যাত্ৰা কৰি যেতিয়া তাতো একেখন পৃথিৱীকে পায়, তেতিয়াই চকু মেল খায় বহুতৰ। যাৰ বাবে পিছত সশস্ত্ৰ সংগ্ৰামৰ পথ এৰাৰ এটা সুৰুঙা তেওঁলোকে বিচাৰি ফুৰে।

এনেদৰেই আবেগৰ বশৱৰ্তী হৈ এদিন সশস্ত্ৰ সংগঠন আলফা স্বাধীনত যোগদান কৰা ৪ জন অসমীয়া যুৱক শেহতীয়াকৈ আলফা শিৱিৰৰ পৰা পলায়ন কৰাৰ খবৰ আহিছে।

আলফাৰ ম্যানমাৰস্থিত চলমান শিৱিৰৰ পৰা যুৱক কেইজনে হাতত এটা পিষ্টল লৈ পলায়ন কৰা বুলি প্ৰকাশ পাইছে বাতৰি।

photo1661337577
মোহভংগ! আলফাৰ শিৱিৰৰ পৰা পলায়ন ৪ অসমীয়া যুৱকৰ… 3

বাতৰি অনুসৰি, যোৱা ২২ আগষ্টত ম্যানমাৰৰ চলমান আলফা শিৱিৰৰ পৰা পলায়ন কৰে আলফা সদস্য কেইজনে। তেওঁলোকৰ তিনিজনৰ নাম ৰাঘৱ অসম, ৰিয়ান অসম আৰু সূৰজ অসম বুলি জানিব পৰা গ’লেও আনজনৰ নাম এতিয়াও জানিব পৰা হোৱা নাই।

পলায়ন কৰা ৪ যুৱকৰ ঘৰ মাৰ্ঘেৰিটা, টীয়ক আৰু লাংকাচিত বুলি জানিব পৰা গৈছে।

অৱশ্যে আলফা সদস্য কেইজনে কিয় শিৱিৰৰ পৰা পলায়ন কৰিলে সেয়া এতিয়াও স্পষ্ট নহয়। সদস্য কেইজনৰ পলায়ন সন্দৰ্ভত কোনো স্পষ্ট মন্তব্য কৰা নাই আলফা স্বাধীনেও।

প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও বহু যুৱক-যুৱতীয়ে আলফাৰ প্ৰতি মোহভংগ ঘটাত শিৱিৰৰ পৰা পলায়ন কৰিছিল।

শেহতীয়াকৈ খেপো অসম আৰু নিয়ৰ অসম নামৰ আলফা স্বাধীনৰ সদস্য দুজনেও গোপনে শিৱিৰ এৰিছিল।

লগতে চাওকঃ

সেনাৰে সংঘৰ্ষত গুলীবিদ্ধ হৈ আলফা (স্বা)ৰ ছাৰ্জেন্ট মেজৰ অচিন্ত্য মৰাণ ওৰফে ইয়াংখু অসমৰ মৃত্যু

G5 4
মোহভংগ! আলফাৰ শিৱিৰৰ পৰা পলায়ন ৪ অসমীয়া যুৱকৰ… 4