মোবাইলত ফটো-ভিডিঅ’ চোৱাত মগন বান্দৰৰ জাক! ভিডিঅ’ শ্বেয়াৰ কৰি সমালোচনাৰ সন্মুখীন কেন্দ্ৰীয় আইন মন্ত্ৰী…

নিউজ ডেস্কঃ এতিয়া হাতৰ মুঠিতেই সমগ্ৰ বিশ্ব!

কি বৃদ্ধ, কি এমাডিমা সকলোৰে বাবে এতিয়া জীৱনৰ এটা অবিচ্ছেদ্য অংগ হাতৰ মোবাইল ফোনটো।

কিন্তু মানুহৰ বাদেই যদি জীৱ-জন্তুও মোবাইল আসক্ত হৈ পৰে, তেন্তে…!

সামাজিক মাধ্যমত এনে এটা ভিডিঅ’ই শেহতীয়াকৈ শ্বেয়াৰ কৰিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে নেট ব্যৱহাৰকাৰীৰ।

ভিডিঅ’টোত কেইটামান বান্দৰে অতি মনযোগেৰে মোবাইল চাই থকা দেখিবলৈ পোৱা গৈছে।

ভাইৰেল ভিডিঅ’টোত কেইটামান বান্দৰৰ সন্মুখত কোনো এজনে ধৰি আছে এটা স্মাৰ্টফোন।

য’ত বান্দৰ কেইটাই অতি আগ্ৰহেৰে ফটো-ভিডিঅ’ চাই আছে। মাজে মাজে ঠিক মানুহৰ দৰেই মোবাইলৰ ষ্ক্ৰীণত স্ক্ৰ’ল কৰিছে।

ভিডিঅ’ৰ কেপশ্যনত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে লিখিছে- ‘ডিজিটেল ইণ্ডিয়াৰ সাক্ষৰতাৰ হাৰ কি পৰ্যায় পাইচেগৈ চাওক, অবিশ্বাস্য!’

ৰিজিজুৱে এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

কোনোৱে যদি ধেমালিৰে লৈ ভিডিঅ’টো উপভোগ কৰিছে, আন কোনোৱে আকৌ মানুহক শিক্ষিত কৰিব নোৱাৰা চৰকাৰে এতিয়া বান্দৰৰ মাজত সাক্ষৰতা বৃদ্ধিৰ চেষ্টা চলোৱা বুলি মন্ত্ৰীগৰাকীক সমালোচনা কৰিছে।