মেডিকেল কলেজৰ অধ্যাপকৰ অৱসৰৰ বয়স ৭০ বছৰলৈ বৃদ্ধি, কেবিনেটৰ সিদ্ধান্ত…

শুক্ৰবাৰে জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত স্বাস্থ্য খণ্ডত কেইবাটাও নতুন আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

সেই অনুসৰি এতিয়াৰ পৰা ৰাজ্যৰ চৰকাৰী মেডিকেল কলেজসমূহৰ অধ্যাপকৰ অৱসৰৰ বয়স ৬৫ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰা হৈছে। 

ৰাজ্যখনত চৰকাৰী চিকিৎসকৰ নাটনিৰ সমস্যা দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লয় আজিৰ কেবিনেটে।  

কেৱল মেডিকেল কলেজৰ চিকিত্‍সকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব অৱসৰৰ বয়স বৃদ্ধিৰ বাবে লোৱা কেবিনেটৰ এই সিদ্ধান্ত।

ইফালে, কেবিনেটে লোৱা আন এটা সিদ্ধান্ত হ’ল, চাকৰি কালতে মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ লগতে অসম কেডাৰৰ আই এ এছ, আই পি এছ বিষয়াৰ পৰিয়ালক চাকৰি থকা দিনলৈ সম্পূৰ্ণ দৰমহা দিয়া হ’ব।

ইপিনে চাহবাগান এলেকাত স্বাস্থ্যসেৱা উন্নত কৰাৰ লক্ষ্যৰে এক বিনামূলীয়া ঔষধ বিতৰণ আঁচনি গ্ৰহণৰ সিদ্ধান্ত লৈছে চৰাকাৰৰ কেবিনেটে।

ইয়াৰ বাবে ঔষধ কিনিবলৈ ১৩৬.৮ কোটি টকাৰ অনুমোদন দিছে কেবিনেটে। এই বিনামূলীয়া ঔষধ সমূহ চাহ বাগান এলেকাত বিতৰণ কৰা হব।