মেঘালয়ত দৃশ্যগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পীৰ দলক নংষ্টেইনত লুটপাত…

অসমৰ শিল্পী দলক মেঘালয়ৰ নংষ্টেইনৰ সমীপত লুটপাত।

নংষ্ট্ৰেইনৰ পৰা শ্বিলং যোৱা পথত এই ঘটনাটো সংঘটিত হয়।

উদিয়মান শিল্পী ৰাম কিষাণৰ গীত এটিৰ দৃশ্যগ্ৰহণৰ বাবে গৈছিল শিল্পীৰ দলটো মেঘালয়লৈ।

কিন্তু আধা বাটতে তিনিটা দুৰ্বৃত্তই শিল্পী দলটোৰ পৰা লুটি নিলে ধন।

ৰঙা ৰঙৰ এল্টোৰে বাট আগুচি ধৰি দাবী-ধমকিৰে প্ৰায় ৬ হাজাৰ টকা লুটি নিয়ে বুলি জানিব পৰা গৈছে।

image 29
মেঘালয়ত দৃশ্যগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পীৰ দলক নংষ্টেইনত লুটপাত… 2

দুখন বাহনেৰে ৯জনীয়া শিল্পীৰ দলটো মেঘালয়লৈ গৈছিল।

অভিনেত্ৰী প্ৰিয়ংকা শইকীয়া আছিল শিল্পীৰ দলটোত।

নৃত্য পৰিচালক মনোজ মনৰ চচমা কাঢ়ি নিয়ে দুৰ্বৃত্তই।

জানিব পৰা মতে দৃশ্যগ্ৰহণৰ সময়ত দৃশ্যগ্ৰহণস্থলিত উপস্থিত আছিল এটা দুৰ্বৃত্ত।

মদ্যপান কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল দৃশ্যায়নৰ সময়ত। শিল্পীৰ দলটোৱে ম’বাইলত আবদ্ধ কৰিছিল দুৰ্বৃত্ত এটাৰ ভিডিঅ’।

সমগ্ৰ ঘটনা সন্দৰ্ভত বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে শিল্পীৰ দলটোৱে।