ৰাষ্ট্ৰীয়

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ! ৰাহুল গান্ধীক আটক দিল্লী আৰক্ষীৰ…

মূল্যবৃদ্ধি, জি এছ টি আৰু তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰৰ বিৰুদ্ধে আজি সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছে।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত শীৰ্ষ নেতাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

১৪৪ ধাৰা ভংগৰ অভিযোগত আটক কৰা হৈছে কংগ্ৰেছৰ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীক।

image 46

উল্লেখ্য যে, কংগ্ৰেছৰ এই প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰত অনুমতি প্ৰদান কৰা হৈছিল যদিও অন্যান্য স্থানত ১৪৪ ধাৰা জাৰি কৰা হৈছিল।

ইয়াৰ মাজতে ৰাহুল গান্ধী আৰু প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলৰ এটা গোটে ৰাষ্ট্ৰপতি ভৱনৰ দিশে গতি কৰে।

এই প্ৰতিবাদী সমদল বিজয় চ’ক পোৱাৰ সময়তে আৰক্ষীয়ে বাধা দিয়ে আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰতিবাদকাৰীৰ মাজৰ পৰা আটক কৰি লৈ যায়।